Artist :Amar Sivam,Dhritimoy Kalita
Genre :Romantic
1.89K Plays
Music Director: Amar Sivam
Tune: Amar Sivam
Lyricist: Dhritimoy kalita
Composition: Amar Sivam
Copyright © Amar Sivam
Lyrics
অময়া মৰমৰ এজাক বৰষাই
ক''লেহি মোক আহি তোমাৰেই যে কথা,
ভাগৰুৱা সময়ত স্মৃতিবোৰে সকাহ
তোমাৰেই নামতে মোৰ প্ৰতিটো উশাহ।
পদূলিত যেতিয়া নাচে পোহৰে
মনে মাথোঁ তোমাকেই সুঁৱৰে
এক অচিনা আবেগে আহি মোক
ধীৰে ধীৰে তোমাতেই সামৰে।
কাষলে আহি সাৱটি লোৱা
দুবাহুতে দুবাহু থোৱা
আকোৱালি মোৰ ভালপোৱা।
দুচকুতে দুচকু থোৱা
হৃদয়তে সুৰ আলসুৱা
সপোনৰে বাট সজোৱা।
Music…
জীৱনৰ প্ৰতিটো ঘাটতে
প্ৰণয়ে সুৰীয়া গীত জুৰে
সময়ৰ এখিলা পাততে
সাতোৰঙে আহি খেলা পাতে।
তুমি যেন এটি মিঠা ৰাগীৰে ৰাগিণী
পলে পলে উৰে মন আজি তোমালে বুলি।
পদূলিত যেতিয়া নাচে পোহৰে
মনে মাথোঁ তোমাকেই সুঁৱৰে
এক অচিনা আবেগে আহি মোক
ধীৰে ধীৰে তোমাতেই সামৰে।
কাষলে আহি সাৱটি লোৱা
দুবাহুতে দুবাহু থোৱা
আকোৱালি মোৰ ভালপোৱা।
দুচকুতে দুচকু থোৱা
হৃদয়তে সুৰ আলসুৱা
সপোনৰে বাট সজোৱা।