Baane Karhi Nile
Similar songs
Protyaxa
Ayushman Sinha02:29
Xonali Dhanoni
Nishantt04:01
Abegore
Bhaskar Nath04:22
A mini
Akash Ankit04:47
Mitha Morom Dila
Disha Tamuli,Romen Sensuwa Baruah6:01
Kakumoni
Akash Pritom,Jinti Das3:48
Tumak Pua Bohudinei Hol
Dirgha03:40
Rikshawala Moi
Mihir Ranjan3:18
Hobo Loga Xohur
Aveenab Kashyap Moran03:28
Gaonliya Rockstar
MC Satyug02:50
Similar Songs
Protyaxa
Ayushman Sinha
Xonali Dhanoni
Nishantt
Abegore
Bhaskar Nath
A mini
Akash Ankit
Mitha Morom Dila
Disha Tamuli,Romen Sensuwa Baruah
Kakumoni
Akash Pritom,Jinti Das
Tumak Pua Bohudinei Hol
Dirgha
Rikshawala Moi
Mihir Ranjan
Hobo Loga Xohur
Aveenab Kashyap Moran
Gaonliya Rockstar
MC Satyug
About song
0 Plays
Lyricist: Samir Sinmoy
Composer: Samir Sinmoy
Copyright © ArtistHub
Lyrics
বানে কাঢ়ি নিলে
সুখৰে পঁজা
হেঙুলী আবেলি
বিষাদে ভৰা
সেউজীয়া জীৱনৰে
ক'ত যে আশা
পলকতে হেৰাল কেনি
বুকুৰে ভাষা
উটি গ'ল সপোন আজি
হ'লো দিশহাৰা
আশাৰ চাকি গছি নুমাল
জীৱন আধৰুৱা
শেঁতা পৰা ককাৰ মুখখন
পদূলিলে চাই
দিখৌৰ সোঁতে পোনা দুটিক
নিলে উটুৱাই
ৰহিমলাৰ ওঁঠৰ হাঁহি
কৰ'বাত হেৰাই
হেৰা বুলি মাতিবলে
মানুহজনো নাই
কঁকাল ভঙা কামিহাড়বোৰ
নিলে উটুৱাই
আপোন বুলি মাতিবলে
কাষত কোনো নাই
দলনিৰ মেটেকাই
ধৰিলে মেৰাই
কান্ধত তুলি মৰাশ টো
নিলে কঢ়িয়াই
সঁজাল ধৰা এপথাৰ ধান
নিমিষত হেৰাই
গাৱঁৰ মানুহ বুলিবলে
এঘৰো চোন নাই
কোনোবাই ঘৰৰে চালত
উঠিলে বগাই
দাদা আমাক বচোৱাহি
বুলি কৈ বিনাই
আতুৰ অধীৰ চিঞঁৰবোৰে
আকাশো কঁপাই
নিথৰ হ'ল আজি
চকুৰ আগত
সপোন উটুৱাই
দিখৌৰ পাৰৰ মৰমবোৰক
বানে লৈ যায়
উকা পথাৰ খনেও আজি
ৰৈ ৰৈ বিনাই...
