Artist :Rocktim Kaushik
Genre :Modern
1.60K Plays
Composition & Singer: Rocktim Kaushik
Lyrics: Surajit Sharma
Music: Manash Das (Miko)
Mixing & Mastering: Rupam Nath
Visuals, Animation & Cover Design: Santanu Kumar Das
Copyright © Gurudev Production Official
Lyrics
চকুৰে বাটেৰে, কোনেনো চুবহি মন
বিষাদৰ মাটিতে, কোনেনো সাজে বালিঘৰ
বহুপৰলে বহুদিনৰে
স্মৃতিৰে খামত আছা নিৰলে
দিঠক হবলে আহা.....
চকুৰে বাটেৰে, কোনেনো চুবহি মন
শেৱালী সৰা চোতালত
মনে তোমাকে চিনিলে
প্ৰেমৰ তুলিকাৰে প্ৰতি পল
বুকুৰ ঘৰতে সজালে
তাতেনো আজি উচুপি আছে
অতীতে কিয় নিৰলে
লগৰীবিহীন ঠিকনাবিহীন
মনে ফুৰিছে অকলে .....
চকুৰে বাটেৰে, কোনেনো চুবহি মন
বিষাদৰ মাটিতে, কোনেনো সাজে বালিঘৰ
তোমালে নিলিখা মৰমে
যেতিয়া সুৰতে জিৰালে
স্মৃতিৰ ডাৱৰৰ মাজেৰে
তোমাৰ হাহিটি নিগৰে
সজল চকুৰ উকা বুকুত
কিয়নো আহা গোপনে
হেঙুলী পুৱাৰ কিৰণ খেদি
যাবা দুৰণিৰ দেশলে....
চকুৰে বাটেৰে, কোনেনো চুবহি মন
বিষাদৰ মাটিতে, কোনেনো সাজে বালিঘৰ I