Baahi by xomoy
Color beam

Rename playlist

Teza, Listen the songs of  Teza, Play the songs of Teza, Download the songs of Teza

Teza

Similar Songs

About song

Artists :Mrinmoyee Chetia,Abinash Neog
Genre :Ballad
135 Plays
Music: Ridip Lahkar

Album cover art: Suman Goswami

Animation: Roktim Bhuyan
Copyright © Ridip Abhilash CraftLet

Lyrics

খেলিমেলি মন ৰজনীগন্ধা,

সুবাস পাহৰা বায়ু দিশহাৰা ।

আৱৰি থোৱা মোক

অইন বাট বন্ধ্যা ,

তোমাৰ আৱাহন

ঘৰমুৱা সন্ধ্যা ।



সীবলে’ জোনে দিয়া মোনা,

মোৰ ল’ৰালি, ‘ল’ৰালি’ নেদেখা ।

জীৱলে’ তুমি দিয়া আদৰ,

তপত আদৰ, আদৰৰ আভুঁৱা ।

টোপনি নহা ৰাতিৰ কথা

তোমাৰ চকুক কওঁ,

মহঙা মৰমৰ আধলি সিকি

তাতেই থাপি থূপি থওঁ ।

আৱৰি থোৱা মোক

অইন বাট বন্ধ্যা ,

তোমাৰ আৱাহন

ঘৰমুৱা সন্ধ্যা ।



যি প্ৰবাদত নাই ৰাণী এলাগী,

সেই প্ৰবাদত মই তোৰ নৃপতি ।

পৃথিৱীয়ে পুতিব কলৰে খুটা,

আশ্বাস দুবাহুৰে তুমি সামৰিবা ।

দূবৰি, নিয়ৰ, আকাশৰ ছাতি,

তুমি তাত ৰজা, মই তেজা ৰাণী ।

আৱৰি থোৱা মোক

অইন বাট বন্ধ্যা ,

তোমাৰ আৱাহন

ঘৰমুৱা সন্ধ্যা ।

খেলিমেলি মন ৰজনীগন্ধা,

সুবাস পাহৰা বায়ু দিশহাৰা ।


Sign in

Install Baahi app to download song

Install Baahi app to download song